গুৱাহাটীঃ ৰাজ্যৰ যক্ষ্মা ৰোগৰ ৰোগীৰ চিকিৎসাৰ বাবে ১৯৫৫ চনতে স্থাপন হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয়খন। মহানগৰীৰ বিৰোবাৰী গোপীনাথ নগৰত অৱস্থিত চিকিৎসালয়খন বৰ্তমান সময়তো পৰিচিত অসমৰ একমাত্ৰ যক্ষ্মা চিকিৎসালয় হিচাপে। উল্লেখ্য যে, ৬০ খন বিচনাযুক্ত পুৰণি চিকিৎসালয়খনৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হয় ৰোগীৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱৰ লগতে চিকিৎসালয়খনৰ আন্তঃগাঁঠনিৰ শোচনীয় অভিযোগ।
অসমৰ প্ৰথমগৰাকীৰ মুখ্যমন্ত্ৰীৰ নামত নামাংকৃত চিকিৎসালয়খনৰ বিৰুদ্ধে কিয় এনেধৰণৰ অভিযোগ প্ৰায় উথাপন হয় সেই কথা অৱগত কৰে যক্ষ্মা চিকিৎসালয়ৰ অধীক্ষক পঞ্চানন উজিৰে। তেওঁ কয় “চিকিৎসালয়খনত আজি তাৰিখত পৰ্যাপ্ত পৰিমানৰ কৰ্মচাৰীৰ অভাৱ। তাৰ ফলত তেওঁলোকে চেষ্টা কৰিও যক্ষ্মা ৰোগী সকলক সঠিক সময়ত সেৱা আগবঢ়াব পৰা নাই। বৰ্তমান সময়ত চিকিৎসালয়খনত ৪১ টা কৰ্মচাৰী পদ খালি হৈ আছে। তাৰে চতুৰ্থবৰ্গত ৩৪ টা, তৃতীয় বৰ্গৰ ৫ টা আৰু প্ৰথম বৰ্গৰ দুটা গুৰুত্বপূৰ্ণ পদ খালি হৈ আছে। লগতে কয় যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱৰ বাবে আজি চিকিৎসালয়খনৰ চৌহদ, প্ৰসাৱগাৰ, শৌচাগাৰ আৰু ৰোগীৰ কোঠা নিয়মিতভাৱে চাফা কৰিব পৰা হোৱা নায়।