ডিফুঃ ডিফুৰপৰা মাঞ্জা হৈ ডিলাই সৰিয়হজান পথছোৱা অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছে৷ ডিফু মহকুমাৰ ডিফু গড়কাপ্তানি পথ আৰু মহকুমা পথ (খ)ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা স্বাক্ষৰিত এক নিৰ্দেশনাৰ অনুসৰি জিলা তথ্য আৰু জনসংযোগ বিভাগে এই কথা জানিবলৈ দিছে৷
অহা ১৪ জুনৰপৰা এই নিৰ্দেশ কাৰ্যকৰী হ’ব বুলি নিৰ্দেশনাটোত প্ৰকাশ কৰা হয়৷ উক্ত পথত নাবাৰ্ডৰ অধীনত মহাবীৰ লাচিত চিলাৰায় নিৰ্মাণ সেতুৰ ১৬/৩ নং আৰচিচি দলং নিৰ্মাণৰ বাবেই ১৪ জুনৰপৰা অস্থায়ীভাৱে উক্ত পথছোৱা বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে৷