তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ মিছামাৰী থেকেৰাজুলি কৃষকৰ জীৱনলৈ নামি আহিছে চৰম দুৰ্যোগ। কৃষি বিভাগে কৃষক সকলক উপকৃত কৰিবলৈ বিনামূলীয়াকৈ কেইবা প্ৰজাতিৰ বিজ যোগান ধৰিছিল। কিন্তু আশ্বৰ্যকৰ বিষয়টো হ’ল ধানৰ পৰিৱৰ্তে হ’ল পতান। যাৰ ফলশ্ৰুতিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মিছামাৰী থেকেৰাজুলি প্ৰায় দুশ বিঘা মাটিত ধানৰ পৰিবৰ্তে হৈছে পতান।
কিন্তু জিলা কৃষি বিষয়াৰ এই সন্দৰ্ভত মন্তব্য সম্পূৰ্ণ পৃথক। এই সন্দৰ্ভত কৃষকে ক্ষোভ প্ৰকাশ কৰি কয় একে দোখৰ মাটিত আমি ক্ৰয় কৰি অনা বিজত ধান ওলাই আৰু চৰকাৰীভাৱে দিয়া বিজত পতান ওলাই গতিকে এই সন্দৰ্ভত চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান কৃষকৰ৷ আনহাতে চৰকাৰী বিভাগৰ গাফিলতি বাবে কৃষক সকলে চৰকাৰৰ ওচৰত সহায় দিবৰ বাবে আহ্বান জনায়।