চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ গড়মুৰত কৃষি মন্ত্ৰী অতুল বৰাৰ বাহনসহ কনভয়টোৰ আন দুখন বাহন বৃহস্পতিবাৰে নিশা প্ৰায় ৯ মান বজাত দুৰ্ঘটনাত পতিত হয়। গুৱাহাটীৰপৰা গৃহ সমষ্টিৰ অভিমুখে কনভয়সহ মন্ত্ৰী বৰা আহি থকা অৱস্থাতে এ এচ ০২ বি চি ৩৬৩৯ নম্বৰৰ এখন টেম্প’ মন্ত্ৰী বৰাৰ কনভয়ৰ আগত পৰে।
ফলত মন্ত্ৰী বৰাৰ এ এচ ০১ বি জেড ০২২২ নম্বৰৰ ইন’ভা গাড়ীখনৰ লগত শাৰী পাতি অহা কনভয়খনৰ আন দুখন গাড়ীও দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত মন্ত্ৰী অতুল বৰা সৌভাগ্যক্ৰমে আঘাতৰপৰা কথমপি ৰক্ষা পৰে যদিও কনভয়ৰ আন কেইজনমান ব্যক্তি কিছু পৰিমানে আঘাটপ্ৰাপ্ত হয়।