গুৱাহাটীঃ সন্ত্ৰাসবাদীৰ সংঘর্ষত শ্বহীদ হোৱা চিআৰপিএফৰ বীৰ জোৱান নিৰোদ শৰ্মাৰ বৃহস্পতিবাৰে শেষকৃত সম্পন্ন হৈছিলহে, তেনেতে ৰাজ্যবাসীৰ বাবে আহিল আন এক দুঃখবৰ।
দেশমাতৃৰ বাবে জীৱন উচৰ্গা কৰিলে আন এজন সাহসী জোৱানে। ২০৯ নং কোব্রা বেটেলিয়নৰ শ্বহীদ জোৱানজনৰ নাম সুনীল কলিতা। শ্বহীদ সুনীল কলিতা ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত। কিছুদিনৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা জোৱানজন যোৱা ২৮ মে’ত ঝাৰখণ্ডত চিআৰপিএফ বাহিনীৰ সহযোগত মাওবাদীৰ বিৰুদ্ধে এক অভিযানত আইইডি বিস্ফোৰণত গুৰুত্বভাৱে আহত হৈ দিল্লীৰ এইম্ছত চিকিৎসাধীন হৈ আছিল।