নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমি বটদ্ৰৱাৰ নামেৰে নামাংকৃত “বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ” নামৰ এটি সংগঠনে তেওঁলোকৰ ফেচবুক পেইজত অসমৰ সাতামপুৰুষীয়া শান্তি-সম্প্ৰতি বিনষ্ট কৰাৰ মানসেৰে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ বাবে বৃহস্পতিবাৰে বটদ্ৰৱা আৰক্ষী থানাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বটদ্ৰৱা শাখাই এজাহাৰ দাখিল কৰিছে।
অভিযোগ মতে, বিগত কিছুদিন ধৰি “বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ” নামৰ সংগঠনটোৰ ফেচবুক পেইজত অসমৰ সাতামপুৰুষীয়া ঐক্য, শান্তি-সম্প্ৰতি বিনষ্ট কৰা অপচেষ্টাত লিপ্ত হৈছে। সংগঠনটোৱে পেইজটোত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য লিপিবদ্ধ কৰাৰ উপৰিও হিন্দু ধৰ্মৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ লগতে বিভিন্ন ভাবুকি প্ৰদানেৰে সাম্প্ৰদায়িক উচতনি দিছে।