গুৱাহাটীঃ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে দিছ্পুৰৰ ক্ষমতা গাদী দখল কৰাৰ সোনোৱাল চৰকাৰৰ তিনিটা বছৰ অতিক্ৰম কৰিলে।পাঁচ বছৰীয়া কাৰ্যকালৰ তিনিটা বছৰত চৰকাৰ খনে নিৰ্বাচন সময়ত দিয়া ২৫ লাখ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতি কিমানদূৰ বাস্তৱায়িত কৰিব পাৰিছে ?
যোৱা তিনিটা বছৰত চৰকাৰখনে কিমান নিৱনুৱাক সংস্থাপন দিলে? সচাকৈ বাৰু পাঁচটা বছৰত সোনোৱাল চৰকাৰখনে ২৫লাখ নিবনুৱাক সংস্থাপন দিব পাৰিবনে?এনেধৰণৰ প্ৰশ্নই ৰাজ্যবাসীৰ মনত প্ৰতিমূহুততে ক্ৰিয়াৰ কৰি থকাৰ সময়তে নিয়োগ বিনিময় কেন্দ্ৰত চাকৰি প্ৰত্যাশীৰ নিবনুৱাৰ পঞ্জিয়নৰ হিচাপে এতিয়া সকলোকে আচম্বিত কৰি তুলিছে।