67
ডিফুঃ সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিক সমিতিয়ে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্ধনা জনায়৷
দুয়োটা পৰীক্ষাত ডিফুৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰৰ পৰা আৰম্ভ কৰি ডিষ্টিংছন সহ উজলি উঠিছে সেই সকল ছাত্ৰ- ছাত্ৰীক ডিফু ক্লাৱত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে একোখনকৈ ফুলাম গামোছা, মানপত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷