Home ৰাজ্যবটদ্ৰৱাৰ সৰবৰহী মহিলা জ্যোতিময় দাসৰ অকাল বিয়োগ

বটদ্ৰৱাৰ সৰবৰহী মহিলা জ্যোতিময় দাসৰ অকাল বিয়োগ

by News Desk
287 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰৱাৰ বৰহিছা নিৱাসী জ্যোতিময় দাস নামৰ সৰবৰহী মহিলা গৰাকীৰ শনিবাৰে পুৱতি নিশা ২.১৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত দেহাৱসান ঘটে। ৩৩ বছৰীয়া মহিলাগৰাকী যোৱা ১১ জুনত দুপৰীয়া হঠাৎ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰথমে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও পিছত নগাঁৱলৈ নিয়া হয়। কিন্তু স্বাস্থ্যৰ কোনো পৰিৱৰ্তন নোহোৱাত সেইদিনাই মহিলাগৰাকীক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ 

গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে জ্যোতিময় দাসৰ মৃত্যু হয়। স্থানীয় বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত হৈ নিষ্ঠা সহকাৰে সেৱা আগবঢ়োৱা সৰবৰহী, মৃদুভাষী, সৰলমনা মহিলা গৰাকীৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ স্বামী, একমাত্ৰ কনমানি কন্যা সহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ এনে আকস্মিক মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0