কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰীঃ বোকাখাতৰ সত্য নাৰায়ণ সেৱা সদনত কালি অৰ্থাৎ ১৫ জুন তাৰিখে অনুষ্ঠিত হৈ যায় বোকাখাতৰ অন্যতম প্ৰকাশন গোষ্ঠী “অভিলাষ প্ৰকাশন’ৰ উদ্যোগত আৰু “আছাম ফাইন আৰ্টছ একাডেমি’ৰ সহযোগত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ আৰু “অভিলাষ প্ৰকাশন”ৰ গ্ৰন্থ উন্মোচন অনুষ্ঠান ৷
যোৱা ২৬ মে’ ২০১৯ তাৰিখে অভিলাষ বৰা(বু)ৰ ২৫ সংখ্যক জন্মদিন উপলক্ষে আয়োজন কৰা গোলাঘাট জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ গাম্ভীৰ্যতাপূৰ্ণ বঁটা বিতৰণীৰ অনুষ্ঠানটি কালি অনুষ্ঠিত হৈ যায় । এই অনুষ্ঠানটিতে ‘অভিলাষ প্ৰকাশন’ৰ তিনিখনকৈ নৱতম গ্ৰন্থৰো শুভ উন্মোচন কৰা হয় ।