ডিফুঃ চলিত জুন মাহটো ৰাষ্ট্ৰীয় শিশু সুৰক্ষা মাহ হিচাপে লৈ ৰাষ্ট্ৰীয় শ্ৰম মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসন, কাৰবি আংলং আৰক্ষী ডিফু চাইল্ড লাইন, কাৰবি আংলং শ্ৰম বিভাগ, আৰু জাম্বলি মটৰ চাইকেল ক্লাবৰ সহযোগত আজি পুৱা শিশু সুৰক্ষাৰ সজাগতাৰ বাবে এক মটৰ চাইকেল ৰেলী বাহিৰ কৰে৷
জিলা শিশু সুৰক্ষা গোটৰ সমন্বয়ক বুলু তেৰাঙৰ উপস্থিতিত মটৰ চাইকেল ৰেলীৰ আনুষ্ঠানিকভাবে ফ্লেগ অফ কৰে কাৰবি জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত নৰচিং বে’ই৷ জাম্বলি আথন ক্লাবৰপৰা ৰেলী অংশ গ্ৰহণ কৰা ২৫ খনকৈ মটৰ চাইক্লীষ্ট দলক নেতৃত্ব প্ৰদান কৰে ৰোড কেপ্তেইন চিকাৰী ইংহী আৰু তেজু দেৰা আৰু জাম্বলি ক্লাবৰ সাধাৰণ সম্পাদক নিতুল তেৰাঙে৷