চামগুৰিঃ ৰাজ্যত কিমান সুৰক্ষিত ৰে’ল যাত্ৰী? প্ৰকৃততে নিশা ৰে’ল যাত্ৰাৰ বাবে সুৰক্ষিতনে মহিলা তথা শিশু যাত্ৰী? সোমবাৰে নিশা মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ ৰে’লৰ সংঘটিত এটি বিশেষ ঘটনাৰ বিষয়ে অৱগত হ’লে হয়তো আপুনিও অনুভৱ কৰিব পাৰিব প্ৰকৃততে ৰে’ল মন্ত্ৰালয়ে দাবী কৰি অহাৰ ধৰণৰে সুৰক্ষিত হোৱা নাই ৰে’ল যাত্ৰা, বিশেষকৈ মহিলা আৰু শিশুৰ বাবে।
সোমবাৰে গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লখনত নিশা পোহৰৰ বাবে হাহাকাৰ লাগিল যাত্ৰী সকলৰ মাজত। প্ৰায় পাঁচ বজাত গুৱাহাটী এৰা ৰে’লখনত বিজুলীবাতিৰ সংযোগ অতি উদ্বেগজনকভাৱে ব্যাহত হোৱাৰ বাবে গুৱাহাটীৰপৰা চামগুৰি পৰ্য্যন্ত অন্ধকাৰচন্ন হৈ আহিল ৰে’লখনৰ প্ৰায় দহটাকৈ দবা।