জহিৰুল ইছলাম, বিলাসীপাৰাঃ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰত স্বচ্ছ অভিযান আঁচনিৰ অধীনত ভাৰতবৰ্ষখন স্বচ্ছতা বুলি গঢ়াৰ জন্য প্ৰত্যেক পৰিয়ালৰ ঘৰে ঘৰে এটাকৈ শৌচাগাৰ নিৰ্মাণৰ বাবে কোটি কোটি টকা আৱন্টন দি আহিছে যদিও ইয়াৰ নামত একাংশ NGOৰ ঠিকাদাৰ ফৰিদ উদ্দিনে চলাই আছে লুণ্ঠনৰাজ।
মনকৰিবলগীয়া যে ধুবুৰী জিলাৰ বিলাসীপাৰা জন-স্বাস্থ্য কাৰীকৰি কাৰ্য্যালয়ৰ নায়েৰ আলগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নায়েৰ আলগা তৃতীয় খণ্ড গাঁওৰ ৰাইজৰ অভিযোগ ভিত্তিত NGOৰ ঠিকাদাৰ ফৰিদ উদ্দিনে এটাকৈ শৌচাগাৰ বাবদ ৪০০-১০০০ হেজাৰ টকা পৰ্যন্ত উৎকৌচ লোৱা বুলি সাংবাদিকৰ আগত একাংশ ৰাইজে অভিযোগ উত্থাপন কৰে।