Home ৰাজ্যমৰিগাঁৱত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

মৰিগাঁৱত পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

by News Desk
58 views
A+A-
Reset

জিতুমণি নাথ, মৰিগাঁওঃ সমগ্ৰ বিশ্ব তথা দেশৰ বিভিন্ন ঠাইৰ লগতে মৰিগাঁৱতো শুকুৰবাৰে পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও পতঞ্জলি যোগ সমিতিৰ সহযোগত মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত আয়োজন কৰা যোগ দিৱসৰ পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।  

মৰিগাঁও জিলা ভাৰত স্বাভিমান প্ৰভাৰী ৰোহিত চন্দ্ৰ বৰাই যোগ কলা প্ৰদৰ্শন আঁত ধৰা অনুষ্ঠানটোত মৰিগাঁও জিলা পতঞ্জলি যোগ সমিতিৰ যুৱ প্ৰভাৰী ৰিন্টু কুমাৰ বৰা আৰু প্ৰশিক্ষক কুঞ্জলতা গগৈয়ে যোগ কলা প্ৰদৰ্শন আগবঢ়ায়। ঘগুৱা হাইস্কুলৰ প্ৰধান শিক্ষক লেনিন ডেকাই “সুস্থ হ্দযন্ত্ৰৰ বাবে যোগ”ৰ ওপৰত তত্ত্বগধূৰ ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাকে আদি কৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, অৰ্ধসামৰিক বাহিনী, ছাত্ৰ-ছাত্ৰীকে আদি কৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0