কনক দেউৰী, খেৰণিঃ ৰাজ্যৰ সীমা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে সৰ্বানন্দ চৰকাৰ, একেদৰে ব্যৰ্থ তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদ আনহাতে, সেই একেই অৱস্থা অসম আৰক্ষী বিভাগৰো। সেই কথা পুনৰ প্ৰমাণিত কৰিলে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ পিছিয়াৰ, খাটখাচলা, উমখ্ৰীমি আদি অঞ্চলৰ সীমা বিবাদৰ ঘটনাই।
উল্লেখযোগ্য যে, এইবাৰ জিৰীকিন্দেঙ থানা অন্তৰ্গত পিছিয়াৰ নামৰ গাঁওখনত বাহৰ পাতিছে মেঘালয় আৰক্ষীয়ে। এক কথাত ক’বলৈ গ’লে অবৈধভাৱে সীমান্তৰপৰা চাৰি কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি অসমৰ ভূমিত মেঘালয়ৰ আৰক্ষীয়ে সীমান্ত আৰক্ষী চকী (Boarder Out Post) চমুকৈ বি অ পি স্থাপনৰ চেষ্টা চলাইছে।