Home ৰাজ্যমোৰাঝাৰত আমছুৰ সজাগতামূলক সমদল

মোৰাঝাৰত আমছুৰ সজাগতামূলক সমদল

by News Desk
67 views
A+A-
Reset

ছাদিকুজ জামান মোৰাঝাৰঃ সমাজৰপৰা অপৰাধমূলক কাৰ্য্য প্ৰতিৰোধ কৰা, অন্ধবিশ্বাস, কু-সংস্কাৰ দূৰ কৰা, প্ৰতি ঘৰত শিক্ষা সুনিশ্চিত কৰা, বাল্য বিবাহ, বহু বিবাহ বন্ধ কৰা, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰা, দুটিতকৈ বেছি সন্তান জন্ম দিয়া বন্ধ কৰা, নাৰী সবলীকৰণ কৰা আদি বিষয়ত ৰাইজক সজাগতা সৃষ্টি কৰাৰ্থে সমগ্ৰ অসমৰ লগতে হোজাই জিলা আমছুৰ উদ্যোগত মোৰাঝাৰ আঞ্চলিক আমছুৰ সহযোগত আজি দিনৰ ১২ বজাত মোৰাঝাৰ বজাৰত এখনি সজাগতা সমদল উলিওৱা হয়৷

উক্ত কাৰ্যসূচীত শতাধিক আমছু কৰ্মী তথা ছাত্ৰ-ছাত্ৰী হাতে হাতে প্লে’ কাৰ্ড লৈ সজাগতামূলক শ্ল’গান ধ্বনিৰে আকাশ পাতাল মুখৰিত কৰে৷ লগতে এই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোৱাৰ হুছেইন, হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ, মোৰাঝাৰ আঞ্চলিক আমছুৰ সভাপতি পাৰবেজ আহমেদ, সম্পাদক চাৰজুল ইছলামকে ধৰি বহু কেইগৰাকী আমছু নেতা উপস্থিত থাকে৷ ৰাজ্যজুৰি চলি থকা আমছুৰ এই কাৰ্যসূচীৰ বাবে সচেতন মহলে ভূৱসী প্ৰশংসা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0