জহিৰুল ইছলাম, বিলাসীপাৰাঃ অহা ২৬-০৬-২০১৯ ইং তাৰিখে এনআৰচিৰ বাদ পৰা “এখন অতিৰিক্ত তালিকা প্ৰকাশ পোৱা প্ৰসংগত এআই ইউ ডি এফ দলৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় উপ-সভাপতি অধিবক্তা মমিনুল ইছলামৰ উদ্যোগত বিলাসীপাৰা-বেলতলী ইব্ৰাহিমৰ বিল্ডিঙত ৰাতিপুৱা ১০ মান বজাৰপৰা ১-৩০ মান বজালৈকে এন আৰ চি প্ৰসংগত এখন সজাগতা সভা অনুষ্ঠিত হয়।
উল্লেখনীয় যে, উক্ত সজাগতা সভাত, যিসকল ব্যক্তি ডি ভোটাৰ, যিসকল ব্যক্তি বিদেশী বুলি ঘোষিত, যিসকল ব্যক্তিৰ নামত বিদেশী ন্যায়াধীকৰণত গোচৰ চলি আছে, সেই সকল ব্যক্তি সকলৰ নাম আগৰ সম্পূৰ্ণ খচৰা তালিকাত আহিলেও, এতিয়া এই ‘বাদ’ পৰা তালিকাখনত অন্তভুৰ্ক্ত হ’ব আৰু যিসকলে পৰৱৰ্তী সময়ত দাবী (Claim) আৰু আপত্তি (Objection) কৰিছিল, সেই সকলৰ কাৰণে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা শুনানিৰ ফলাফল মৰ্মে যিসকল অযোগ্য বুলি বিবেচিত হৈছে, সেই সকল ব্যক্তিৰ নাম এই অতিৰিক্ত “বাদ পৰা তালিকাত প্ৰকাশ পাব।