ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত দেওবাৰে এক ৰক্তদান শিবিৰ আৰু এখন স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়।
পুৰণিগুদামৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন সৃষ্টি আৰু নগাঁও গোহাঁই নাছিং হোমৰ সৌজ্যনত ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগ আৰু এন.এছ.এছৰ উদ্যোগত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত প্ৰায় ৩০ গৰাকী লোকে ৰক্তদান কৰে।