49
ষড়ানন বৰা, চামগুৰিঃ নগাঁও প্ৰশাসন আৰু টেম্পু চালকৰ সংঘাতে বাৰুকৈয়ে জলাকলা খোৱাইছে একাংশ সৰ্বসাধাৰণ যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীক। নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
নগাঁও জিলাৰ উৰিয়াগাঁও, পুৰণিগুদাম, চামগুৰি আদি ঠাইৰ টেম্পু চালকে সোমাবাৰৰপৰা আৰম্ভ কৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ বাবে অঞ্চলটোত হঠাৎ টেম্পু সমূহৰ চলাচল ব্যাহত হৈ পৰাৰ ফলতেই সৃষ্টি হয় এই পৰিস্থিতিৰ।