অপুৰ্ব বৰা, তেজপুৰঃ শোণিতপুৰ জিলাৰ মিছামাৰীত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসম আৰু নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ মুখ্য আহ্বায়ক প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ সদস্য সকলে ৰাজ্য চৰকাৰৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
আজি দিনৰ ১১ বজাত সংগঠনটোৰ পাঁচ শতাধিক সদস্যই হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ জংঘল বস্তি শিৱমন্দিৰ প্ৰাংগনৰপৰা কলাকুছিলৈ প্ৰায় তিনি কিলোমিটাৰ পথ সমদল কৰি ভূমিহীনক মাটি প্ৰদান কৰক, মাটিৰ পট্টা প্ৰদান কৰক, বান গৰাখহনীয়াৰ স্থায়ী সমাধান কৰক, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চৰকাৰী গৃহ প্ৰদান কৰক, ৰাজ্য অন্যান্য প্ৰান্তৰ লগতে কলাকুছিৰ প্ৰতিটো অঞ্চলৰ বাট পথ নিৰ্মাণ কৰক, নাৰী নিৰ্যাতন আৰু ধৰ্ষনকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰক, শৌচালয় নিৰ্মাণত হোৱা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক, অসম চৰকাৰৰ কাম নাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শুনি লওক, কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ, নাৰী সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ, আজি কৃষক শ্ৰমিক এক হ’ল আদি শ্ল’গান দি কলাকুছিৰ আকাশ বতাহ মুখৰিত কৰি তোলে৷