ফখৰুল ইছলাম, দৰংঃ দৰঙৰ খাৰুপেটীয়া পৌৰ সভাৰ সন্মুখত অটো চালক সন্থাৰ ধৰ্ণা৷ উচ্ছেদিত অটো ষ্টেণ্ড স্থায়ীকৰণৰ দাবীত এই ধৰ্ণা৷ বিগত দুবছৰৰপৰা প্ৰতি মাহে ৫০০০ টকা পৌৰ সভাই আদায় লৈ অহাৰ পিছতো অটো ষ্টেণ্ড উচ্ছেদ কৰাত খৰ্গহস্ত হৈ পৰি মঙলবাৰে অটো সন্থাই দুই শতাধিক সমৰ্থকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷
দৰং জিলাৰ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত অহা যোৱাৰ সুবিধাৰ্থে বিগত ১০/১২ বচৰৰপৰা খাৰুপেটীয়া জিন বি ৰোডত চলি অহা অটো আস্থানখন যোৱা এসপ্তাহৰপৰা খাৰুপেটীয়া পৌৰ সভাই উচ্ছেদ কৰি দিয়াৰ পিছত চৰাঞ্চলৰ কৃষিজীৱী ৰাইজৰ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে টেট শিক্ষয়িত্ৰীৰ শিক্ষকতা কৰাৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷