নলবাৰী, হেমন্ত কলিতাঃ নলবাৰী জিলাৰ বেলশৰ গাঁওৰ বৰ্তমান জিলাখনৰ মালিকুছি গাঁও নিবাসী বিশিষ্ট জেষ্ঠ্য নাগৰিক, সমাজসেৱী, শিক্ষা-সংস্কৃতিপ্ৰেমী, উত্তৰ পূব সীমান্ত ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰমনী সেন ডেকাৰ মঙলবাৰে ৰাতিপুৱা ৬-৩০ বজাত নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে।
বাৰ্ধক্যজনিত ৰোগত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি ৰে’ল বিভাগত সেৱা আগবঢ়াই ২০০১ চনত চাকৰিৰপৰা অৱসৰ লৈছিল। অৱসৰৰ পিছত প্ৰয়াত ডেকাই বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠানত জড়িত হৈ সমাজসেৱা কৰিছিল।