গুৱাহাটীঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
‘‘২০২০ বর্ষৰপৰা ৰাজ্যৰ উচ্চতৰ মাধ্যমিকত হ’ব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। সেই অনুসৰি ৰাজ্যৰ মহাবিদ্যালয়সমূহৰপৰা সম্পূৰ্ণ পৃথক কৰা হ’ব উচ্চতৰ মাধ্যমিক শাখা।’’ অৰ্থাৎ কোনো বিশ্ববিদ্যালয়ৰ অধীনত নাথাকিব উচ্চতম মাধ্যমিক শাখা। ফলত বিশ্ববিদ্যালয়সমূহ কেৱল স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ দায়িত্ব থাকিব।