জয়ন্ত মুদৈ, নগাঁওঃ নগাঁৱৰ অগ্ৰণী চিত্র ভাস্কৰ্য্য প্ৰতিষ্ঠান আনুপূৰ্ব্বিক চিত্র ভাস্কৰ্য্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসলৈ আগবঢ়োৱা হৈছে ২০১৯ বৰ্ষৰ ‘ৰাষ্ট্ৰীয় অ’নাৰ আৰ্টিষ্ট বঁটা’৷
যোৱা ২১ জুন আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট চিত্রশিল্পী ৰবি বৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ‘ভাৰতীয় সাহিত্যকাৰ সংসদ’ নামৰ সংগঠনটোৱে বিহাৰৰ সমস্তিপুৰ জিলাৰ দুৰ্গাবাড়ী প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজীৱ দাসক মানপত্র, মেমেন্টোচ, শল, কিতাপৰ টোপোলাৰ লগতে বিভিন্ন উপহাৰেৰে এই সন্মান প্ৰদান কৰা হয়৷