জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মহাবিদ্যালয়ত জাজৰি আৰক্ষী থানা আৰু থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ সৌজন্যত তথা হাতীচোং মহাবিদ্যালয় কৰ্তৃপক্ষৰ ব্যৱস্থাপনাত বুধবাৰে আন্তঃৰাষ্ট্ৰীয় নিচা বৰ্জ্জন আৰু অবৈধ সৰবৰাহ বিষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷
মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰপৰা অনুষ্ঠিত হোৱা সভাখন সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই৷ জাজৰি থানা গাঁওক্ষী বাহিনীৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় কুমাৰ আচাৰ্য্য, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা প্ৰকাশ বৰা, জাজৰি থানাৰ চক্ৰ সংগঠক যজ্ঞ বৰা, জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি যজ্ঞ বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উল্লেখিত বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে৷