বৰপেটাৰোডঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস৷ এই উপলক্ষে বৰপেটাৰোড আৰক্ষী থানাৰ উদ্যোগত নিচাযুক্ত দ্ৰব্য সেৱন সন্দৰ্ভত এখনি সজাগতা সভা বৰপেটাৰোড প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। উক্ত সজাগতা সভাখনত সভাপতিত্ব কৰে গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী পাঠক চৌধুৰীয়ে ৷
সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাসে নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ ওপৰত ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে।সভাখনত বিশিষ্ট চিকিৎসক ডাঃ অৰ্ণৱ শৰ্মাই মাদক দ্ৰব্য সেৱনৰ ফলত শৰীৰত হোৱা ক্ষতি, বিভিন্ন বেমাৰ আজাৰৰ ওপৰত বিষদ বক্তব্য আগবঢ়ায় ৷ তেওঁ লগতে নিজৰ শৰীৰ আৰু পৰিয়াল তথা সমাজৰ কথা চিন্তা কৰি মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিবলৈ যুৱ সমাজক আহ্বান জনায় ৷