নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহৰ অন্তৰ্গত ঘগ্ৰাপাৰ পাগলদিয়া নৈৰ বাঢ়নী পানীৰ লগতে ভুটানে এৰি দিয়া পানীয়ে ৰাজহ চক্ৰ টোৰ বিভিন্ন অঞ্চল আজি বুৰাই পেলায়।
উল্লেখযোগ্য যে ভেলামাৰী,পূৱবৰশিৰাল,চটাইবাৰী,মাজৰশিৰাল,ধমধমা,ৰঙাফালি,শান্তিপুৰ,মহিনা,বালিতাৰা (১),বালিতাৰা(২),বিস্তৃপূৰ, কেহেৰুৱা,
ডেকাতোলা, আদিকে ধৰি প্ৰায় পোন্ধৰখন গাঁৱৰ কৃষকসমাজৰ খেতিপথাৰ,পুখুৰী,শিক্ষানুষ্ঠান,নামঘৰ,ক্লাবঘৰ,মানুহ থকা গৃহ আদিৰ বিস্তৃৰ ক্ষতিসাধন হোৱাৰ লগতে কেবাটাও গুৰুত্বপুৰ্ণ পথ বানত বূৰ যোৱাৰ ফলত সম্প্ৰতি যাতায়ত-যোগাযোগ ব্যাহত হৈ পৰিছে।