Home ৰাজ্যলখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতিৰ প্ৰসংশনীয় পদক্ষেপ

লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতিৰ প্ৰসংশনীয় পদক্ষেপ

by News Desk
A+A-
Reset
lk

লখিমপুৰঃ লখিমপুৰ নগৰৰ মুছলিম মহিলা সকলে একগোট হৈ ২০১৮ বৰ্ষত লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতি নামেৰে নামাকৰণ কৰি লখিমপুৰ নগৰৰ সমাজৰ উন্নয়নমুলক কামৰ লগত জৰিত হোৱাৰ বাবে সংকল্প লয়।  
প্ৰথম পৰ্য্যায়ত লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতি খনে উত্তৰ-লখিমপুৰ নগৰ কেন্দ্ৰীয় ঈদগাহ মইদাম খনৰ আন্তগাথনিৰ  দীৰ্ঘদিনীয়া সমস্যাবোৰ  লখিমপুৰ বাসী ৰাইজৰ সহযোগত সমাধান কৰিবলৈ সক্ষম হয় আৰু লগতে ঈদগাহ মইদাম খনক এক আধুনিক ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। মহিলা উন্নয়ন সমিতিখনৰ সদস্যা সকলৰ এই প্ৰচেষ্টাৰ বাবে লখিমপুৰ নগৰৰ সচেতন নাগৰিকে লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ।

লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতিয়ে অনাগত দিনবোৰত লখিমপুৰ নগৰখনৰ সামাজিক উন্নয়নমুলক কাম কৰি যোৱাৰ চেষ্টা অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0