নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীত যোৱাকালি ৰাতিপুৱা পথৰ ওপৰতে বিদ্যুতৰ খুটা এটা উভালি পৰি এগৰাকী ছাত্ৰী গুৰুতৰভাবে আহত হয় ৷ ছাত্ৰী গৰাকীয়ে চাইকেলেৰে ঘৰৰ পৰা স্কুললৈ গৈ থকাৰ সময়তে এই ঘটনাতো ঘটে।
ঘটনাৰ বিৱৰনী মতে, নিজ বাহঁজানীৰ গোপাল থান হাইস্কুলত দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী ছয়নিকা তালুকদাৰে ছয়মাহিলী পৰীক্ষা দিবলৈ নিজৰ চাইকেল খনেৰে স্কুললৈ গৈ থকাৰ সময়তে বাহঁজানীৰ মিলন চ’কৰ ওচৰত ছাত্ৰী গৰাকীৰ চাইকেলৰ ওপৰতে পথৰ দাঁতিত থকা বিদ্যুতৰ খুটা এটা বাগৰি পৰে। ঘটনাৰ লগে লগে ছাত্ৰী গৰাকী বাগৰি পৰাৰ লগতে ছাতি আৰু চাইকেল খন সম্পূৰ্ণ ৰূপে চেপেটা হোৱাৰ উপৰি ছাত্ৰী গৰাকীও গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় ।