Home ৰাজ্যনগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ “প্ৰযুক্তিৰ সমাহাৰ” শীৰ্ষক অনুষ্ঠান

নগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ “প্ৰযুক্তিৰ সমাহাৰ” শীৰ্ষক অনুষ্ঠান

by News Desk
A+A-
Reset
agri1

নগাঁওঃ “অন্য দেশৰ দৰে আমাৰ দেশতো কৃষকক সমাজত আগস্থান দিব লাগিব। তেতিয়াহে আমাৰ নৱপ্ৰজন্ম কৃষিৰ প্ৰতি আকৰ্ষিত হব।” এই মন্তব্য নগাঁও জিলাৰ উপাযুক্ত যাদৱ শইকীয়াৰ। আজি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত তথা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা ‘কৃষি পাম যান্ত্ৰিকীকৰণ আৰু ফচল চপোৱাৰ পিছৰ প্ৰযুক্তিৰ প্ৰদৰ্শন’ চমুকৈ “প্ৰযুক্তিৰ সমাহাৰ” শীৰ্ষক এক অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি লগতে শইকীয়াই কয় যে-বৰ্তমান চৰকাৰে কৃষকৰ বাবে বিভিন্ন ধৰণৰ প্ৰযু্ক্তিগত সহায় আগবঢ়াইছে ৷ আমাৰ কৃষকে সেই সুবিধা লৈ নিজৰ আয় দুগুণে বৃদ্ধি কৰি কৃষিক এটা লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত কৰিব লাগিব।” 

নগাঁও জিলাৰ কন্দলি পঞ্চায়তৰ অন্তৰ্গত বৰকছাৰী গাঁৱত অনুষ্ঠিত উক্ত অনুষ্ঠানটিৰ আদৰণি ভাষন প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই কৃষক সকলক পুৰনি পৰম্পৰাগত পদ্ধতি ত্যাগ কৰি কৃষিত যান্ত্ৰিকীকৰণৰ দ্বাৰা উৎপাদন বৃদ্ধিৰ বাবে আহ্বান জনাই। কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ বিজ্ঞানী ধীৰেন নাথে আঁত ধৰা অনুষ্ঠানটিত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, আটাৰি গুৱাহাটীৰ সঞ্চালক ড° অনিল কুমাৰ ত্ৰিপাঠী, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ  পৰামৰ্শদাতা ড° কানৱাৰ সিং, অসম কৃষি বিশ্ববিদ্যালয় সহযোগী গৱেষণা সঞ্চালক ড° মৃনাল শইকীয়া, এৰিয়েপ ছচাইটিৰ কৃষি সমন্বয়ক হৰিণ বৈশ্য আৰু নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড উপস্থিত থাকি কৃষিত আধুনিকীকৰণ আৰু যান্ত্ৰিকতাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0