নগাঁওঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চিধা মৰিগাঁও পথৰ নমাটিত আজি সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। নিহত লোকজনক নমাটিৰ জ্যোতিময় বৰুৱা(৪৮ )বুলি জানিব পৰা গৈছে। পেছাত এগৰাকী শিক্ষক বৰুৱা জামুগুৰিৰ পৰা এ এছ-২১-এফ ৭৮২২ নম্বৰৰ মটৰ চাইকেলেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাত এখন তীব্ৰ বেগী ৱাগনাৰৰ লগত সংঘৰ্ষ লগাত শিক্ষকগৰাকী গুৰুত্বৰ ভাবে আহত হয়। লগে লগে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে। শিক্ষক গৰাকীৰ মৃত্যুত স্থানীয় নমাটি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
147
previous post