Home ৰাজ্যচামগুৰি বিলত শ শ মাছৰ মৃত্যু

চামগুৰি বিলত শ শ মাছৰ মৃত্যু

by News Desk
63 views
A+A-
Reset

ষড়ানন বৰা, চামগুৰিঃ পক্ষীতীৰ্থ স্বৰূপে খ্যাত তথা সুস্বাদু কৰতী মাছৰ একমাত্ৰ থলি হিচাপে পৰিচিত নগাঁও জিলাৰ ঐতিহাসিক চামগুৰি বিললৈ এতিয়া নামি আহিছে চৰম ভাবুকি। যোৱা কিছুদিন ধৰি ঘোঁৰাৰ খোৰা সদৃশ আকৃতিৰ বৃহৎ মাটি-কালিৰে আগুৰা বিলখনত ৰহস্যজনক কাৰণত বহু সংখ্যক মাছৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সকলকো।  

সবৰ্তমান মহলদাৰৰ তদাৰকত থকা চৰকাৰী বিলখনৰ পানীৰ বৰণ প্ৰায় হৈ পৰিছে ক’লা আৰু নি:চিহ্ন হৈ পৰিছে বহু পুৰণি বিলখনৰ পৰিচয় স্বৰূপ কৰতী মাছো। আনহাতে, বিলখন পৰিস্কাৰ কৰাৰ নামত চৰকাৰী ধন আবন্তিত হয় যদিও ডাকত লোৱা পক্ষ আৰু মহলদাৰৰ অনীহাৰ ফলত চলিত বছৰত বিলখনৰ মেতেকা-পোনাই তথা অলাগতিয়াল জাৱৰ পৰিস্কাৰ নকৰাৰ বাবেই প্ৰখৰ ৰ’দত পচি সেই সমূহে বিলখনৰ জলৰাশি দূষিত কৰি তোলাত অস্বাভাৱিকভাৱে শ শ মাছৰ মৃত্যু হৈছে বুলি স্থানীয় একাংশই জানিবলৈ দিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0