চিলাপথাৰৰপৰা লক্ষীন্দ্ৰ সোণোৱালঃ জটিল হৈ পৰিছে চিলাপথাৰৰ কৃটিম বান পৰিস্থিতি। মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে চিলাপথাৰ নগৰৰ বিভিন্ন গলি। পূৰ্বতকৈ বৃদ্ধি পাইছে পানীৰ পৰিমাণ।
নেৰানেপেৰা বৰষুণৰ ফলত নগৰৰ ন-ন গলি আৰু বাট পথ প্লাৱিত হৈ ব্যাহত হৈ পৰিছে যাতায়াত। পৰিকল্পিত নলা নৰ্দমাৰ আৱদ্ধ পানী ওলাই যাব নোৱাৰাত ডুব গ’ল অঞ্চলটোৰ পুৰণি শিক্ষানুষ্ঠান চিলাপথাৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে চিলাপথাৰ নগৰ মজলীয়া বিদ্যালয়। ফলত শিক্ষক-কৰ্মচাৰীৰ কাৰ্যালয়তে পাঠদানত চলাইছে কতৃপক্ষই। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰপৰা শৌচাগাৰ পৰ্যন্ত একঁকাল পৰ্যন্ত পানীত ডুব গৈ আছে ঐতিহ্যমণ্ডিত বিদ্যালয় দুখন।