59
লখিমপুৰৰপৰা জিয়াউল আলীঃ লখিমপুৰৰ চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ আনন্দ বাগানৰ খাপৰা লাইনত এক অঘটন ঘটে।
ৰূপহী জানৰ বাঢ়নী পানীত পৰি এগৰাকী ৬৫ বছৰীয়া মহিলাৰ মৃত্যু হয়৷ পুৱা ৮ মান বজাত ধাৰাষাৰ বৰষুণৰ বাবে জলস্তৰ বৃদ্ধি পোৱা ৰূপহী জানত পিছল খাই পৰি যায় মহিলা গৰাকী আৰু ৯ মান বজাত দক্ষিণ ৰূপহীৰ ৰূপহী জানৰ ওপৰত থকা বাঁহৰ দলঙৰ তলত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ৷ পানীত ওপঙি থকা মৃতদেহ স্থানীয় লোকে দেখি চাউলধোৱা আৰক্ষীক খবৰ দিয়ে৷