জিতুমণি দাস, আজাৰাঃ ৰাজ্য চৰকাৰে দুখীয়া লোকসকলৰ বাবে প্ৰদান কৰি অহা এটকীয়া চাউল চৰকাৰী কৰ্মচাৰীৰ একাংশ পৰায়ালেও বে-আইনীভাৱে লাভ কৰি অহাৰ অভিযোগ উঠি অহাৰ সময়তে পলমকৈ হ’লেও সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই এই চৰকাৰী কৰ্মচাৰীক শীঘ্ৰে ৰঙাঘৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব বুলি দিয়া হুংকাৰে বিশেষ তাৎপৰ্য বহন কৰেছে।
দেওবাৰে পলাশবাৰীৰ উপৰহালীস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ চৌহদত অনুষ্ঠিত হোৱা কামৰূপ জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ অধিৱেশনত উপস্থিত থাকি সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সম্পাদক হেমন্ত কুমাৰ ডেকাই চৰকাৰী কৰ্মচাৰীসকলৰ যিসকলে এটকীয়া চাউল ভোগ কৰি বে-আইনীভাৱে চৰকাৰৰ আঁচনিখন পৰিচালিত কৰি আহিছে সেইসকলক অহা ৩০ জুলাইৰ ভিতৰত নিজৰ ৰেচন কাৰ্ড সমূহ চৰকাৰক ওভতাই দিবলৈ আহ্বান জনায়।