আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছু’ৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত কুমলীয়া আঞ্চলিক সমিতিখন দেওবাৰে গঠন কৰা হয়। ২ নং কুমলীয়া প্ৰি-চিনিয়ৰ মাদ্ৰাছা প্ৰেক্ষাগৃহত, সমাজকৰ্মী হৰমুজ আলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে বিশ্বনাথ জিলা নেমছুৰ সাধাৰণ সম্পাদক মুস্তাফিজুৰ ৰহমানে। সভাত সভাৰ সৰ্ব সন্মতি ক্ৰমে ইক্ৰামুল হকক সভাপতি, ছফিউল্লাহ আহমেদক কাৰ্যকৰী সভাপতি, ওছমান আলি আৰু ওৱাহিদুৰ ৰহমানক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া শক্তিশালী কুমলীয়া আঞ্চলিক সমিতি গঠন কৰা হয়।
উক্ত সভাত সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি নেকিবুৰ জামাল উপস্থিত থাকি নেমছু’ৰ কৰ্ম কৰ্তাক নিজ লক্ষ্য আৰু উদ্দেশ্যত অটল থাকি ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আহবান জনায়।