শিৱসাগৰঃ মঙলবাৰে পুৱা ৪.৪৫ মান বজাত শিৱসাগৰ জিলাৰ ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তিনিখন দুখন যাত্ৰী বাহী নৈশ বাছ আৰু এখন ডিআই বাগৰি পৰে পথৰ দাঁতিতে। ডিমৌ আৰু ৰাজমাইলৰ মাজত এই ঘটনা ঘটে৷
গুৱাহাটীৰপৰা ডিগবৈ অভিমুখী ভোলানাথ, তনুজ এই দুখন নৈশ যাত্ৰীবাহী বাছে খুন্দা মাৰে বিপৰীত দিশৰপৰা আহি থকা ডিআইখনত। তনুজ বাছখন পথৰ দাঁতিতে বাগৰি পৰাত বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। কিন্তু কথমপি ভোলানাথৰ পৰিচালকজনে হাবিত সোমাই সকলোৰে প্ৰাণ ৰক্ষা কৰে।