জয়ন্ত মুদৈ,নগাঁওঃ কবিতাক জনমুখী কৰাৰ প্ৰয়াস ৰূপে যোৱা ৩০ জুনত সন্ধিয়া ছয় বজাৰপৰা নগাঁও জিলাৰ জামুগুৰিৰ বিশিষ্ট সাহিত্যিক, গীতিকাৰ তথা জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰাৰ চোতালত অনুষ্ঠিত হয় সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী “চোতাল”।
সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, প্ৰচাৰ সম্পাদক অচ্যুত কুমাৰ বৰা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, বোকাখাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়া, হোজাই জিলা কবি সন্মিলনৰ সম্পাদক জমিৰুদ্দিন তালুকদাৰ, ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি দিলীপ কুমাৰ নাথ, যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতিকে প্ৰমূখ্যে বিশিষ্ট অতিথি সকল উপস্থিত থকা অনুষ্ঠানতেই কৰবী লিগিৰা আৰু পৱন শৰ্মাক ওপজা দিনৰ ওলগ জনাই সন্মিলনৰ লগতে বিভিন্ন ব্যক্তি, দল-সংগঠনে।