বৰপেটাৰোডঃ যোৱা ১ জুলাইৰপৰা ৭ জুলাই লৈকে বন মহোৎসৱৰ সপ্তাহ পালন কৰি আহিছে বন বিভাগে। বন মহোৎসৱৰ দ্বিতীয় দিনা ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্য মঙলবাৰে দিনৰ প্ৰায় ১২ বজাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ অতিথিশালাৰ উদ্যানখনৰ পৰিস্থিতি বুজ লোৱাৰ বাবে এক বৈঠকত অংশগ্ৰহণ কৰে।
উক্ত বৈঠকত এ.এম. সিং. আই.এফ. এচ. (পি. চি. চি. এফ.ভি.এইচ.অ. এফ.অ.এফ. অসম)ৰঞ্জনা গুপ্তা আই.এফ. এচ.(পি.চি.চি. এফ. ওৱাল্ড লইফ বাৰডেন)এ. স্বৰ্গীয়াৰী, আই, এফ, এচ,, (পি.চি. চি.এইচ.ডি. বিটিচি) অমল চন্দ্ৰ শৰ্মা (মানস টাইগাৰ প্ৰজেক্টৰ ক্ষেত্ৰ সঞ্চালক), আৰ.এন.বড়ো মানস টাইগাৰ প্ৰজেক্টৰ উপ সঞ্চালক)বাহবাৰী ৰেঞ্জাৰ বাবুল ব্ৰহ্ম আদিকে কৰি বন বিভাগৰ বহু কেইগৰাকী বিষয়ায়ে অংশ গ্ৰহণ কৰে।