63
জিতুমনি নাথ, মৰিগাঁওঃ ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে। কিন্তু এই ৰোগ প্ৰতিৰোধ কৰাত ৰাজ্যৰ স্বাস্থ্য বিভাগ চূড়ান্ত ব্যৰ্থ হোৱাৰ পাছত সম্প্ৰতি ৰাজ্যৰ চৌদিশে বলিছে প্ৰতিবাদৰ ঢৌ।
এই ৰোগ প্ৰতিৰোধ কৰিবলৈ শিশুৰ মাজত চৰকাৰে টিকাকৰণৰ ব্যৱস্থা কৰিছে যদিও টিকা গ্ৰহণ কৰা শিশুও এই ৰোগত আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগতে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য।