ষড়ানন বৰা, চামগুৰিঃ এজন বিতৰ্কিত শিক্ষকৰ কৰ্মকাণ্ডক কেন্দ্ৰ কৰি নগাঁও জিলাৰ চামগুৰিৰ লাঁওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। শুকুৰবাৰে দুপৰীয়া ভাগত বিদ্যালয়খনত যোগদান কৰিবলৈ অহা এজন নিলম্বিত শিক্ষকৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল স্থানীয় একাংশ ৰাইজৰ।
উল্লেখযোগ্য যে, মধ্যাহ্ন ভোজনৰ চাউল চুৰি, বিভিন্ন দুৰ্নীতি সংঘটিত কৰা, বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰাৰ প্ৰতি অনীহা প্ৰকাশৰ অভিযোগত কেইমাহমান পূৰ্বে নিলম্বিত হৈছিল প্ৰধান শিক্ষক নীলকান্ত বিশ্বাস। কিন্তু পুনৰ বিতৰ্কিত প্ৰধান শিক্ষক গৰাকীয়ে শুকুৰবাৰে এজন গুণ্ডা প্ৰকৃতিৰ যুৱকক লগত লৈ একাংশ লোকৰ সৈতে গোপন মিতিৰালি কৰি বিদ্যালয়খনত যোগদান কৰিবলৈ অহাক কেন্দ্ৰ কৰি বিদ্যালয় প্ৰাঙ্গণতে স্থানীয় ক্ষুব্ধ ৰাইজে শিক্ষক জনৰ বিৰুদ্ধে সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ।