134
ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত চলি থকা অবৈধ মদৰ ব্যৱসায় ওপৰত বৃহস্পতিবাৰে আৰক্ষীয়ে এক অভিযান চলায়।
গোপন সুত্ৰৰ পম খেদি চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন মাৰাকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চলচলী, হালোৱাগাঁও, জলাহগাঁৱৰ শিৱ মন্দিৰ তিনিআলি, মহমৰাচুক আৰু পুৰণিগুদাম কেঞাপট্টিত এই অভিযান চলায়।