Home ৰাজ্যনৱম ৰাষ্ট্ৰীয় ভভিনাম ছেম্পিয়নশ্বিপত নগঞা খেলুৱৈৰ সফলতা

নৱম ৰাষ্ট্ৰীয় ভভিনাম ছেম্পিয়নশ্বিপত নগঞা খেলুৱৈৰ সফলতা

by News Desk
A+A-
Reset
abc4db92-8ff2-4814-af35-b2b2c2f89c9a

জয়ন্ত মুদৈ,নগাঁওঃ ক্ৰীড়া ক্ষেত্ৰখনলৈ নগাঁও জিলাৰ খেলুৱৈয়ে ধাৰাবাহিকভাৱে কঢ়িয়াই অনা ইটোৰ পিছত সিটো সফলতাই জিলাবাসীক গৌৰাম্বিত কৰি অহাৰ সময়তে পুনৰ পয়ত্ৰিশগৰাকীকৈ নগঞা খেলুৱৈয়ে কঢ়িয়াই আনিছে ঈৰ্ষণীয় সাফলতা৷ সদ্য সমাপ্ত নৱম সংখ্যক ৰাষ্ট্ৰীয় ভভিনাম ছেম্পিয়নশ্বিপত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এইসকল ক্ৰীড়াবিদে৷ 

যোৱা পহিলা জুলাইৰপৰা পাঁচ জুলাই লৈ গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা এই প্ৰতিযোগিতাত অসম দলৰ হৈ ভাগ লোৱা এইসকল নগঞা খেলুৱৈয়ে ৬ টা স্বৰ্ণ, ১৯ টা ৰূপ আৰু ২৪ টা ব্ৰঞ্জ পদ দখল কৰি সমগ্ৰ নগাঁও তথা ৰাজ্যবাসীক গৌৰাম্বিত কৰি তুলিছে৷ ইয়াৰ ভিতৰত কমল বৰাই একোটাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জ, মল্লিকা দাসে এটাকৈ সোণ আৰু ব্ৰঞ্জ, স্নেহা কাকতিয়ে এটাকৈ সোণ আৰু ৰূপ, ইভানন শৰ্মাই এটাকৈ সোণ আৰু ব্ৰঞ্জ, অনুষ্কা পৰাশৰ, নয়না দেৱী, প্ৰগতি পল্লৱ বৰা, সুনয়ন ডেকা, দিব্যম গাৰ্গ আৰু অয়ন শৰ্মাই একোটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ তথা তন্ময়ী দেৱ চৌধুৰী আৰু অদ্ৰিক শইকীয়াই দুটাকৈ ৰূপৰ পদক লাভ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0