43
ছাজাহান ছেলিম কুৰেছি, ৰঙাপৰাঃ শােণিতপুৰ জিলাৰ মিছামাৰি আৰক্ষী থানাৰ অন্তৰ্গত দীঘলজুলি নৈত উদ্ধাৰ হয় এটি কণমাণি শিশুৰ মৃতদেহ। জানিবপৰা মতে দেওবাৰে দুৰ্ভাগ্যক্ৰমে ২ সন্তানসহ দীপিকা তাঁতী নামৰ মহিলাগৰাকী নৈত পৰি উটি গৈছিল।
নৈৰ বুকুত মহিলাগৰাকীক চটফটাই থকা দেখি স্থানীয় এজন যুৱকে নৈত জাঁপ দি এটি শিশুসহ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱকজনৰ এনে সাহসিকতাক আটায়ে প্ৰশংসা কৰে।