55
ছাদিকুজ জামান, মোৰাঝাৰঃ মঙলবাৰে হোজাইৰ মোৰাঝাৰত অবৈধ কাঠ ফলা মিলত বন বিভাগে অভিযান চলাই কাঠফলা মেচিন, এটা ইঞ্জিনসহ বহু মূল্যৱান টকাৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে৷
জানিব পৰা মতে মোৰাঝাৰৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলিছিল এই অবৈধ কাঠৰ বেহা। আজি ৰাতিপুৱাৰে পৰা হোজাই জিলাৰ বিভিন্ন সংগঠন কৰ্মীৰ সহযোগত হোজাই বন বিভাগ, মোৰাঝাৰ আৰক্ষী আৰু কাকী আৰক্ষীৰ সহযোগত চলোৱা হয় এই অভিযান।