Home ৰাজ্যদুচকুত অযুত সপোন লৈ স্বাৱলম্বী হোৱাৰ হেঁপাহ এদল দিব্যাংগ লোকৰ

দুচকুত অযুত সপোন লৈ স্বাৱলম্বী হোৱাৰ হেঁপাহ এদল দিব্যাংগ লোকৰ

by News Desk
A+A-
Reset
989cf9dc-db1a-4357-b072-937a838d4fa5

ষড়ানন বৰা, চামগুৰিঃ বাঁহ-বেঁতৰ সা-সঁজুলি নিৰ্মাণত জড়িত হৈ পৰিছে নগাঁৱৰ এদল দিব্যাঙ্গ লোক। দিব্যাঙ্গ হৈয়ো আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ সপোন পুহি ৰাখিছে মনত। ৰাজ্য চৰকাৰৰ “অসম দক্ষতা বিকাশ অভিযান”ৰ অধীনত “তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন”ৰ উদ্যোগত নগাঁৱৰ পুৰণিগুদামত বিশেষভাবে সক্ষম লোক সকলক বিভিন্ন ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে কেইমাহমানৰ পূৰ্বে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা বিশেষ প্ৰশিক্ষণ কেন্দ্ৰটোত ইতিমধ্যেই প্ৰশিক্ষণ দিয়া হৈছে বাঁহ-বেঁতৰ বিভিন্ন সজুলি নিৰ্মাণৰ ওপৰত।

ইয়াৰ লগতে পৰৱৰ্তী সময়ত বহু কেইবিধ সঁজুলি নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে আজি প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা প্ৰস্তত কৰা বিভিন্ন প্ৰকাৰৰ বাঁহ-বেঁতৰ সা-সজুঁলিৰ এক প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়। বিশেষভাৱে সক্ষম প্ৰশিক্ষাৰ্থী সকল জীৱন বাটত পৰনিৰ্ভৰশীল নহৈ যাতে যাৱতীয় প্ৰশিক্ষণৰ জৰিয়তে আত্মনিৰ্ভশীল তথা আৰ্থিক ভাবে স্বনিৰ্ভৰশীল হ’ব পাৰে সেই লক্ষ্যৰে তাৰাৱতী ডেভলপমেন্ট ফাউনণ্ডেছনে আয়োজন কৰা বিশেষ প্ৰক্ষিণৰ মাজতে আজি অনুষ্ঠিত প্ৰৰ্দশনী অনুষ্ঠানত সভাপতিত্বত কৰে স্থানীয় সমাজকৰ্মী তথা কীৰ্তি-শিক্ষক হেমকান্ত ডেকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0