ফখৰুল ইছলাম, দৰংঃ কিছুদিনৰপৰা নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বাঢ়নী পানীয়ে দৰঙৰ দলগাঁও আৰু মংগলদৈ সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ সংলগ্ন কুঢ়িখনৰো অধিক গাঁও প্লাবিত হৈছে। উটুৱাই নিলে বহতো ঘৰ দুৱাৰ, বিনষ্ট হ’ল সা সম্পত্তি।
পানীত জাহ গ’ল শ শ বিঘা মাটিৰ শাক পাচলি, মৰাপাট, মাকৈ ইত্যাদি খেতি। সৰ্বস্বান্ত হ’ল বানপীড়িত কৃষক ৰাইজ। বানপীড়িত অভিযোগ মতে বানপানীৰ ফলত সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিৰ খবৰ লোৱা নাই কোনো চৰকাৰী বিষয়া কৰ্মচাৰী বা কোনো জনপ্ৰতিনিধি আৰু শাসকীয় দলৰ মন্ত্ৰী বিধায়কে।