পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙাঃ কণমানি মাতৃহাৰা গঁড় পোৱালিৰ কৰুণ বিননিত ম্ৰিয়মান কাজিৰঙা৷ সদ্য মাতৃহাৰা প্ৰায় এবছৰীয়া কণমানি হাতী পোৱালিটোয়ে মাকক বিচাৰি কৰা কৰুণ আৰ্তনাদত মঙলবাৰে গধুৰ হৈ উঠিছে কাজিৰঙাৰ আকাশ-বতাহ৷
কাজিৰঙাত বছৰৰ প্ৰথমটো ভয়াৱহ বানৰ তাণ্ডৱৰপৰা নিজৰ প্ৰাণ ৰক্ষাৰ অৰ্থে কালি পুৱাৰ ভাগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰপৰা ওলাই আহিছিল এহাল মাক-পোৱালী গঁড়৷ মাক-পোৱালি এই গঁড় দুটা আশ্ৰয় বিচাৰি গৈ গৈ কাৰ্বি আংলং জিলাৰ ইংলে পথাৰ গাঁৱৰ সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় এহেজাৰ ফুট উচ্চতাৰ পাহাৰত উঠিছিল যদিও হঠাৎ পোৱালি থকা মাতৃ গঁড়জনী পিছলি পৰি শিলৰ ফাকত সোমাই পৰিল।