জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁৱত ব্ৰক্ষ্মপুত্ৰ বানে সৃষ্টি কৰা ভয়াৱহ বানপৰিস্থিতিত মৃত্যু হোৱা লোক সকললৈ ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ পূঁজিৰ অধীনত শুকুৰবাৰে মৰিগাঁও জিলা প্ৰশাসনে বানত কৰুণ ভাৱে মৃত্যুক সাৱতি লোৱা লোকসকলৰ দুৰ্ভগীয়া পৰিয়াল সমূহলৈ আৰ্থিক সাহায্য মোকলাই দিছে।
বানত মৃত্যু হোৱা প্ৰতিজন লোকৰ দুৰ্ভগীয়া পৰিয়াল সমূহে লাভ কৰিব ৪ লাখ টকাকৈ। সেই অনুসৰি যোৱা ১৭ জুলাইত ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীত কৰুণভাৱে মৃত্যুক সাৱতি লোৱা মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গছৰগুৰি গাঁৱৰ হোমেশ্বৰ ডেকা গৃহত উপস্থিত হয়গৈ জিলা প্ৰশাসনৰ লোক।