আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ। বানপানীৰ ফলত এতিয়া লাখ লাখ লোক গৃহহীন হৈ পৰিছে। খাদ্যৰ অভাৱত এতিয়া বহু বানাক্ৰান্তই লঘোনে ভোকে দিন কটাবলগীয়া হৈছে।
জিলা প্ৰশাসনে আশ্ৰয় শিবিৰ পাতি বানাক্ৰান্ত সকলক খাদ্যৰ যোগান ধৰিছে যদিও আশ্ৰয় শিৱিৰত নথকা অতি দৰিদ্ৰ বানাক্ৰান্তসকলে এতিয়াও চৰকাৰী খাদ্য পোৱা নাই। আনকি নিত্য ব্যৱহাৰ্য বহু সামগ্ৰীও পোৱা নাই বানাক্ৰান্তসকলে। যাৰ বাবে এতিয়া মানৱ দৰদী বহু ব্যক্তি তথা বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে উক্ত বানাক্ৰান্ত সকলক সহায় কৰিবলৈ।